Pure Raw Honey (সৰিয়হ ফুলৰ মৌ) - Nature's Sweet Nectar
Product details
🌼 সৰিয়হ ফুলৰ মৌ | খাঁটি প্ৰকৃতিৰ উপহাৰ🍯
🌼সৰিয়হ ফুলৰ মৌ হৈছে শীতকালত পোৱা এক বিশেষ প্ৰাকৃতিক মৌ।🍯
সৰিয়হ ফুলেৰে ভৰা ক্ষেত্ৰত ঘূৰি ফুৰি মৌমাখীয়ে সংগ্ৰহ কৰা ফুলৰ ৰসৰ পৰা এই মৌ প্ৰস্তুত হয়। ভাৰতৰ বিশেষকৈ অসম আৰু উত্তৰ ভাৰতৰ বিস্তৃত সৰিয়হ খেতিত ফুল ফোটাৰ সময়ত এই উৎকৃষ্ট মৌ সংগ্ৰহ কৰা হয়। ইয়াৰ স্বাদ, ৰং আৰু পুষ্টিগুণে ইয়াক আন মৌৰ পৰা সম্পূৰ্ণ পৃথক কৰি তোলে।
🍯ৰং, সোৱাদ আৰু টেক্সচাৰ
সৰিয়হ ফুলৰ মৌ সাধাৰণতে হালধীয়া সোনালী বা হালকা হালধীয়া ৰঙৰ হয়। ইয়াৰ স্বাদ মৃদু মিঠা, অত্যধিক কঢ়া নহয়, সেইবাবে শিশু পৰা বৃদ্ধলৈকে সকলোৰে বাবে সহজে গ্ৰহণযোগ্য। এই মৌ স্বাভাৱিকভাৱে অতি সোনকালে গোট মাৰে আৰু বহু সময়ত সম্পূৰ্ণ বগা বা ক্ৰীমি ৰঙৰ হৈ পৰে। এইটো কোনো ভেজাল বা নষ্ট হোৱাৰ লক্ষণ নহয়; বৰঞ্চ ই খাঁটি মৌ হোৱাৰ এক গুৰুত্বপূৰ্ণ প্ৰমাণ।
❄️ কিয় সোনকালে গোট মাৰে?
সৰিয়হ ফুলৰ মৌত প্ৰাকৃতিক গ্লুকোজৰ পৰিমাণ অধিক থকাৰ বাবে ই সহজেই ক্ৰিষ্টালাইজ হয়। ঠাণ্ডা বতৰত এই প্ৰক্ৰিয়া আৰু বেছি দ্ৰুত হয়। মৌ গোট খালেই বেয়া হৈছে বুলি ভাবিব নালাগে। বটলটো 40-50°c ডিগ্ৰী গৰম পানীত কিছু সময় ৰাখিলে পুনৰেই ই তৰল অৱস্থালৈ আহিব। কিন্তু কেতিয়াও পোনপটীয়াকৈ জুইত গৰম নকৰিব।
💪 স্বাস্থ্য উপকাৰিতা
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
- চৰ্দি, কাহ আৰু ডিঙিৰ বিষত উপকাৰী
- হজম প্ৰক্ৰিয়া উন্নত কৰে
- প্ৰাকৃতিক শক্তি প্ৰদান কৰে
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
- পুৱাই খালী পেটত খালে দেহ ডিটক্স কৰাত সহায় কৰে
- ১ বছৰৰ ওপৰৰ শিশু আৰু বৃদ্ধসকলৰ বাবে সুৰক্ষিত
🍽️ ব্যৱহাৰৰ উপায়
- ৰাতি পুৱা কুহুমীয়া গৰম পানীৰ সৈতে
- দুধ, নেমু বা আদাৰ সৈতে
- ৰুটি, পৰাঠা বা ওটছৰ সৈতে
- ঘৰোৱা আয়ুৰ্বেদিক উপচাৰত
- ডায়েট আৰু ফিটনেছ ৰুটিনত প্ৰাকৃতিক মিঠা হিচাপে ব্যৱহাৰ কৰিব পাৰে।
🧊 সংৰক্ষণ পদ্ধতি
- সদায় শুকান আৰু নৰ্মাল ঠাণ্ডা ঠাইত ৰাখিব
- ফ্ৰিজত ৰাখিব নালাগে
- ভিজা চামুচ ব্যৱহাৰ নকৰিব
- বটলৰ ঢাকনি ভালদৰে বন্ধ কৰি ৰাখিব
✅ খাঁটি মৌৰ প্ৰতিশ্ৰুতি
আমাৰ সৰিয়হ ফুলৰ মৌত কোনো ধৰণৰ চিনি, ছিৰাপ, ৰাসায়নিক পদাৰ্থ বা প্ৰিজাৰভেটিভ যোগ কৰা হোৱা নাই। ই ১০০% প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰা আৰু মৌমাখীৰ প্ৰাকৃতিক এনজাইম আৰু পুষ্টিগুণ সম্পূৰ্ণৰূপে অক্ষুণ্ণ থাকে।
🌿 প্ৰকৃতিৰ কোলাৰ পৰা পোনপটীয়া কৈ আপোনাৰ ঘৰত — খাঁটি সৰিয়হ ফুলৰ মৌ।
👉 এতিয়াই অর্ডাৰ কৰক
আপোনাৰ পৰিয়ালৰ বাবে স্বাস্থ্যকৰ আৰু খাঁটি মৌ বিচাৰিছে যদি,এতিয়াই অর্ডাৰ কৰক আৰু প্ৰকৃতিৰ আচল সোৱাদ উপভোগ কৰক।
ষ্টক সীমিত — দেৰি নকৰিব!
•Cash on delivery available •Delivery charge free